Manik Dutta, a highly respected and honored chess player, arbiter, and promoter from Assam, passed away yesterday 16 August 2024. He was deeply loved in the chess community for his dedication and passion for the game. Manik Da’s efforts to promote chess and support players in Assam will always be remembered. His contributions have left a lasting impact, and he will be greatly missed by everyone who knew him.

অতি দুখ জনক খবৰ! আমি এগৰাকী দবা জগতৰ তাৰকা , দবাৰ এগৰাকী অক্লান্ত কৰ্মী, পৰামৰ্শ দাতা, জ্যেষ্ঠ আৰ্বিটাৰ, অতি বিনয়ী শ্ৰদ্ধাৰ মানিক চন্দ্ৰ দত্ত ডাঙৰীয়াৰ বিয়োগত অত্যন্ত মৰ্মাহত হৈছোঁ। আমি এগৰাকী দবা জগতৰ যোদ্ধাক হেৰুৱালোঁ। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি
🙏
মনোজ কুমাৰ গোহাঁই।
President DDCA
জীৱন এক দবা সৈতে সংগ্ৰাম কৰি যোৱা নিস্বাৰ্থ মানুহজন হ’ল মানিক দত্ত ৷ অসমৰ চুকেকোণে য’ত দবা মহাৰণ হয় তাতে তেওঁ সেৱা কৰা মানসিকতাৰে আগবাঢ়ি যায়৷ তেনে এজন মহান ব্যক্তি আমি আমাৰ মাজৰ পৰা হেৰুৱাই মৰ্মাহত হৈছো ৷ ভাগি পৰিছো ৷ যি কি নহওক এনে এজন আৰবিটাৰ প্ৰথম অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ ৷ আমি ডিব্ৰুগড়ৰ জিলা দবা সন্থা হৈ তেওঁ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো৷ লগতে সমূহ স-পৰিয়ালৈ সমবেদনা জনালোঁ ৷
🙏
Manik Ch. Gogoi
Secretary DDCA
আজীৱন দবাৰ সৈতে জড়িত থাকি বিভিন্ন প্ৰতিযোগিতাত সৱল ভূমিকাৰে নিজকে সকলোৰে লগত সম্প্ৰীতিৰে থাকিবলৈ ভাল পোৱা মানিকদা আজি নাই।জীৱনৰ স'তে শতৰঞ্জ খেলি হাৰ মানিলে।সছাঁকৈ দবাৰ জগতত এক অপূৰণীয় ক্ষতি হ'ল।প্ৰতিযোগিতা সমূহত তেখেতৰ গুৰু গম্ভীৰ মাতটোৰ কথা বাৰু কোনে পাহৰিব পাৰে।2014 চনত CPPA ৰ প্ৰথম খন খেলৰ আৰ্বিটৰ হিচাপে নিমন্ত্ৰণ কৰাৰ পিছৰ পৰাই তেখেত CPPA ৰ পৰিয়ালৰ যেন এজন অভিভাৱকলৈ পৰিণত হৈছিল।অভিযোগ থাকি গ'ল তেখেতলৈ- অসমৰ এজন জেষ্ঠ আৰ্বিটৰ হিচাপে নিজৰ অসুবিধা খিনি ব্যক্ত কৰাহেতেঁন অসমৰ প্ৰত্যেক জন ব্যক্তি তথা CPPAৰ সকলো বিষয় ববীয়াই সহযোগিতা আগবঢ়াবলৈ বদ্ধপৰিকৰ হ'লহেঁতেন ।জীৱনৰ অন্তিমখন খেলত তেখেতে নিজেই লিখিলে নিজৰ স্ক'ৰচিতত জিৰ'!মানিকদা যতেই আছে শান্তিৰে থাকক কুশলে থাকক !!চেলুত মানিক দা আপোনাক শতবাৰ চেলুত !!!
Dipanto Gogoi
DDCA
Manik Da's contribution and efforts to promote chess and support players in Assam will always be remembered. May his soul rest in peace.
Pranjal Phukan
Chess School Assam